গোৰেশ্বৰঃ বাইক চুৰি ধৰাত আৰক্ষীক সক্ৰিয় সহযোগ আগবঢ়ালে ৰাইজে৷ বাক্সা, দৰং, ওদালগুৰি আৰু কামৰূপ জিলাত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুই চোৰক আজি উত্তেজিত ৰাইজে এসেকা দি আৰক্ষীৰ অভিযান সফল কৰি তুলিলে৷
আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই বাইক চোৰক আজি কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰীত আৰক্ষীয়ে ৰাইজৰ সহায়ত আটক কৰে। দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত পঞ্জীয়ন হোৱা বাহন চুৰিৰ ঘটনাৰ আলম লৈ আৰক্ষীয়ে চলোৱা অভিযানত দুই বাহন চোৰ ক্ৰমে গুৱাহাটী ছয়মাইলৰ জাভেদ খান(২৮) আৰু দৰং জিলাৰ বামুনঝাৰৰ নিবাসী বিমল ৰাজবংশী(২২) আৰক্ষীৰ জালত পৰে।