106
ডিজিটেল ডেস্কঃ বাওহতীয়া স্পিনাৰ একতা বিষ্টৰ বিধ্বংসী স্পেলৰ সমুখত দিশহাৰা হৈ আই চি চি মহিলা বিশ্বকাপত ভাৰতৰ হাতত ৯৫ ৰাণত ধৰাশায়ী হয় পাকিস্তান।
মাত্ৰ ১৬৯ ৰাণকে সম্বল কৰি পাক দলৰ বিৰুদ্ধে বলিঙত অৱতীৰ্ণ হৈছিল মিতালী ৰাজ নেতৃত্বাধীন ভাৰতীয় দলটো। স্ক’ৰ কম হ’লেও হতাশ নহৈ বলিং আৰম্ভ কৰি পাক বেটিং লাইনআপ একপ্ৰকাৰ তছনছ কৰি দিয়ে ভাৰতীয় বলাৰসকলে।