54
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বৰজাৰণী-টেঙাবাৰীত বৰগাং নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে।
গৰাখহনীয়াত ইতিমধ্যে কেইবাটাও ঘৰ বাৰী জাহ গৈছে। এই ক্ষেত্ৰত প্ৰায় এমাহ ধৰি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত তথা বিশ্বনাথ জিলা প্ৰশাসনৰ লগত বৰগাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে যোগাযোগ কৰি আহিছে যদিও কোনো ধৰণৰ ফল পোৱা নাই।