51
ফিল’বাৰীঃ প্ৰতিভাৱান কবি, চিত্ৰশিল্পী তথা সংগঠক তথা সাংবাদিক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কিৰণজ্যোতি হাজৰিকাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আছাম ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু কেন্দ্ৰীয় সমিতিয়ে।
আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপিত মনোজ সিং, কাৰ্যকৰী সভাপিত মৌচমেজৌতি বৈশ্য আৰু সম্পাদক প্ৰধান হেমন্ত শইকীয়াই সংবাদ মাধ্যমলৈ কিৰণজ্যোতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।