103
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ৰামছা পদুমণি গাওঁৰ কনক ডেকাৰ পুত্ৰ দ্বীগেন ডেকা (৩৭) ই হাতত উন্মুক্ত কুঠাৰ লৈ তেজেৰে ৰাঙলী হৈ গোৰেশ্বৰ থানাত উপস্থিত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
পুৱা প্ৰায় দহ বজাত সংঘটিত হয় এই ঘটনা। হাতত উন্মুক্ত কুঠাৰ লৈ তেজ লগা অৱস্থাত ৰাজপথেৰে খোজ কাঢ়ি অহাত পথচাৰীও হতভম্ব হৈ পৰে।