76
বটদ্ৰৱাঃ ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ৰ উদ্যোগত ‘সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন’ শীৰ্ষক এখনি পাঁচদিনীয়া ৰাজ্যিক পৰ্যায়ৰ আৱাসিক কৰ্মশালাৰ ৰবিবাৰৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷
শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সভাঘৰত চলিবলগীয়া অতি গুৰুত্বপূৰ্ণ কৰ্মশালাখনি এগচি বন্তি প্ৰজ্বলনেৰে সোমবাৰে মুকলি কৰে শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে৷