66
ৰঙিয়াঃ কোলাত পানীকেচুঁৱা লৈ প্ৰতাৰক স্বামীক বিচাৰি ৰঙিয়াত লখিমপুৰৰ অসহায় মহিলা। বিগত আঠ মাহ ধৰি স্বামীক বিচাৰি হায়ৰান লালুকৰ আছমা খাতুন নামৰ দুই সন্তানৰ মাতৃ এই মহিলাগৰাকী।
কোলাত ডেৰমহীয়া কেচুঁৱা, লগত পাচঁবছৰীয়া কন্যাক লৈ ৰঙিয়াত অনাই-বনাই ঘুৰি ফুৰিছে দুৰ্ভগীয়া মহিলাগৰাকী। শ্ৰৱণ কুমাৰ নামৰ এই লোকজনৰ প্ৰবঞ্চনাৰ বলি হোৱা বুলি কোৱা দুই সন্তানৰ এইগৰাকী মাতৃয়ে চকুপানী টুকি ঘটনা সংক্ৰান্তত বিৱৰি কয়।