103
কোকিলাঃ ১২০ মিটাৰ দৈৰ্ঘ্যৰ অসমৰ এখন দলং। এই দলংখনত পিছে ৰাজ্য চৰকাৰৰ কোনো অধিকাৰ নাই৷ প্ৰায় ৩০ খন গাঁৱৰ লোকে আহ-যাহ কৰা দলংখন একমাত্ৰ ৰাইজৰ দলং, ৰাজ্য চৰকাৰৰ নহয়৷
ৰাইজে গাঁঠিৰ ধন আৰু শ্ৰম দানেৰে নিৰ্মাণ কৰিছে এইখন দলং৷ বাৰিষা অহাৰ পূৰ্বে খৰালি কালতে গাঁঠিৰ ধন ভাঙি লগে ভাগে দলং খন ৰাইজে দহোবন কাটি কৰি নিৰ্মাণ কৰে৷ কিয়নো দলংখনেই হ’ল বহিঃ জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম৷