কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মনৰ উদ্যোগত আজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৬ গৰাকী মেধাবী দুখীয়া ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদান দিয়াৰ লগতে আৰনাই, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।
চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠুপীয়া অনুষ্ঠানৰ যোগেদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দাৰিদ্ৰতাকো নেওচি সফলতা লাভ কৰা তথা ছয় গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰী ক্ৰমে কবিতা ৰায়, কাৰ্চেল লাক্ৰা, কৰ্ণ ৰায়, যুমেশ্বৰী বসুমতাৰী, দাহাল ব্ৰহ্ম আৰু ধীনেন বসুমতাৰীক চক্ৰ বিষয়া দ্বীপন বৰ্মনে সম্বৰ্ধনা আৰু আৰ্থিক অনুদান আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উজ্বল হোৱাৰ কামনা কৰে।