লংকাঃ বাইক চলাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰা এজন যুৱক এতিয়া সাজু হৈছে বন্দুক হাতত তুলি ল’বলৈ। বাইক এৰি এতিয়া হাতত বন্দুক তুলি ল’বলৈ ওলোৱা এই যুৱকজন হৈছে লংকাৰ পাঞ্জাৱী বস্তিৰ বৰিয়াম সিং আৰু সুৰজিৎ কৌৰৰ ২৫ বছৰীয়া পুত্ৰ হৰবিন্দৰ সিং।
হৰবিন্দৰ অসমৰ জনপ্ৰিয় বাইক ৰাইডিং গোট ‘অসম বাইকাৰ্ছ’ আৰু ‘মটৰ হেড ইউনাইটেড নগাঁও’ৰ এজন সক্ৰিয় সদস্য। হৰবিন্দৰে বাইক চলাই ভ্ৰমণ কৰি ভাল পায়। তেওঁ নিজৰ ‘110 CC twister’ আৰু সদ্য ক্ৰয় কৰা ‘Royal enfield bullet’ লৈ অসমৰ প্ৰায় সকলো জিলা তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্য ভ্ৰমণ কৰিছে।