গৌৰীসাগৰঃ শিৱসাগৰ জিলাত ২০১৭ -২০১৮ ৰ বীজ গাঁও আঁচনিৰে সামৰি অসম ৰাজ্যিক বীজ প্রমাণিকৰণ অভিকৰণ চমুকৈ (ASSCA) আৰু উত্তৰ পূৱ গ্রাম্য আন্তঃগাঁথনি বিকাশ বেচৰকাৰী সংস্থাৰ উদ্যোগত ১০ খনকৈ বীজ উৎপাদন সমিতি গঠন কৰি প্রায় ১০০ হেক্টৰৰো অধিক কৃষি ভূমিত শালি ধানৰ খেতি কৰিবলৈ লোৱা হৈছে।
শিৱসাগৰ জিলাৰ ক্রমে চিলাৰায়, নৱসূৰুজ, অংকুৰণ, আইমণি, দিখৌ, ২নং ৰূপহী, উদয়, সেউজ, মগলৌ, দুলীয়া বীজ উৎপাদন সমিতি নামেৰে ১০ খন বীজ উৎপাদন সমিতি গঠন কৰি নেৰিড এনজিঅ’ৰ উদ্যোগত কৃষিৰ ক্ষেত্রত এক বৈপ্লবিক পৰিৱৰ্তন অনাৰ প্রয়াসেৰে শালি ধানৰ বীজ গাঁও আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্রায় হাজাৰৰো অধিক কৃষক উপকৃত হ’ব বুলি জানিব পৰা গৈছে।