ঢেকীয়াজুলিঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বাট-পথৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে জনসাধৰণক৷ প্ৰতিদিনে বোকা পানীৰ মাজেৰে জনসাধৰণে আহ-যাহ কৰিব লগা হৈছে৷ মেৰামতিৰ অভাৱত পথসমুহ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈ গাড়ী মটৰৰটো দুৰৰ কথা খোজ কাঢ়িবলৈও পৰিবেশ নাইকিয়া হৈছে পথ সমুহৰ৷
বিজেপি মিত্ৰজোঁট চৰকাৰৰ এবছৰ পূৰ্ণ হোৱাৰ পিছতো যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অধীনৰ ঠেলামৰা অঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক৷