খেৰণিঃ দুৰ্নীতিৰ অভিযোগত লুতুৰি-পুতুৰি হৈ থকা পূৰ্বৰ কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা তুলিৰাম ৰংহাঙৰ হাততেই বিজেপিয়ে অৰ্পণ কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দায়িত্বভাৰ। ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্বি আংলঙত সংঘটিত কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব বুলি কৰা ঘোষণাক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়।
ইয়াৰ মাজতে ব্যাপক চৰ্চা আৰু বিতৰ্কৰ অন্তত পুনৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পদত অধিষ্ঠিত হ’বলৈ সমৰ্থ হোৱা তুলিৰাম ৰংহাঙৰ সমৰ্সথককলে আজি গৃহ সমষ্টিত আনন্দ উছৱ পালন কৰে৷