69
ওদালগুৰিঃ ওদালগুৰিৰ খাউৰাঙত যোৱা ৪জুলাইত ৰাষ্ট্ৰীয় শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আৱক্ষ মূৰ্তি ক্ষতিৰ ক্ষতিসাধন কৰাৰ প্ৰতিবাদত আগছুৱে আহ্বান জনোৱা ওদালগুৰি জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
আগছুৰ ১২ঘণ্টীয়া বন্ধৰ ফলত ওদালগুৰি চহৰত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গৈছে।বন্ধৰ অন্যান্য প্ৰান্ততো ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠানৰ লগতে দূৰণিবটীয়া যান-বাহনসমূহ বন্ধ হৈ পৰাৰ বাতৰি আহিছে।