গুৱাহাটীঃ এঠাইত যদি মথাউৰি ভাঙিছে আন এঠাইত আকৌ বানে উটুৱাই নিছে ৰাষ্ট্ৰীয় ঘাইপথ। মুঠৰ ওপৰত বানৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যত হাহাকাৰ পৰিস্থিতি৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চল বাদেই প্ৰধান চহৰৰ বাট-পথো পানীৰ তলত।
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰতিখন নৈ ফেনে ফোটোকাৰে বাঢ়ি আহি তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে বিৰোধী দলৰ নেতাসকল ডিঙিত গামোছা লৈ ৰঙীণ মঞ্চত উদাত্ত ভাষণ দি পাৰ কৰিছে সময়৷ বানপীড়িতৰ ওচৰত থিয় দিয়াৰ পৰিৱৰ্তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কংগ্ৰেছে পালন কৰিছে প্ৰৱঞ্চনা দিৱস৷