গোৰেশ্বৰঃ পৃথিৱীৰ ৰং চোৱাৰ হেপাঁহ কাৰনো নাথাকে? চকুযুৰি নহ’লে যেন একোৱেই নাই৷ যদি সন্তানৰ চকুযুৰি ক্ৰমাৎ বিকল হ’ব ধৰে তেতিয়া পৰিয়ালটোৱে অন্ধকাৰত ডুব যোৱাৰ উপক্ৰম হয়। বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ ৩ নং গোৰেশ্বৰৰ ৰেল কল’নিৰ বাসিন্দা জগদীশ দাস পেচাত এগৰাকী “চানা বেপাৰী”।
গোৰেশ্বৰৰ গাওঁবুঢ়া নামৰ চ’কটোতে তেওঁ ঠেলা গাড়ীত চানা-মটৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। দৈনিক ন্যূনতম উপাৰ্জনৰে এনেয়ে পৰিয়াল চলোৱা কঠিন, তাতে আকৌ একমাত্র পুত্ৰ সন্তানৰ দৃষ্টি শক্তি দিনক দিনে লোপ পোৱাত এতিয়া পিতৃ জগদীশৰ পৰিয়ালটোৰ সমুখত অন্ধকাৰে বিৰাজ কৰিছে।