ঢেকীয়াজুলিঃ ১৬ দিনৰ মূৰকত বানাক্ৰান্তৰ খবৰ ল’লে জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই৷ ৰাজ্যৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালৰ কঢ়া নিৰ্দেশৰ পিছতেহে আজি শোণিতপুৰত বান পৰিস্থিতিৰ বুজ ল’লে জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই৷
তেজুপুৰলৈ আহি মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছতেই মিছামাৰী অঞ্চলৰ জিয়াগাভৰু অঞ্চলত গাভৰু নৈয়ে সৃষ্টি কৰা ভয়াৱহ খহনীয়া প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে গাভৰু নৈৰ খহনীয়াৰ গ্ৰাসৰ পৰা বৃহত্তৰ জীয়াগাভৰু অঞ্চল আৰু বিশেষকৈ ভাৰতৰ দ্বিতীয় বৃহৎ সেনা ছাউনী “মিছামাৰী সেনা ছাউনীক” ৰক্ষা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৩০ কোটি টকা পুজিৰ আঁচনিৰ কাম-কাজৰ বুজ ল’বলৈ মন্ত্ৰীগৰাকী সেই স্থানত উপস্থিত হয়৷