53
কোকৰাঝাৰঃ অমৰনাথ তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহনা দি পাকিস্থানী সন্ত্ৰাসবাদীক সমুলঞ্চে নি:শেষ কৰিবলৈ ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এবিএমছুৰ সভাপতিগৰাকীয়ে উক্ত আহ্বান জনাই সন্ত্ৰাসবাদৰ বলি হোৱা তীৰ্থযাত্ৰীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি নিহত তীৰ্থযাত্ৰীৰ পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে।