বাহাকাবাৰীঃ সাংবাদিক অহাৰ উমান পাই দৌৰিছে কেইজনমান মানুহ৷ পিছ ফালে চাবলৈ আহৰি নাই তেওঁলোকৰ৷ বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা মানুহ কেইজনে বাঘক ভয় নকৰিলেও সাংবাদিকক দেখি দৌৰি পলাই সাৰে৷ সাংবাদিকৰ কেমেৰাত বন্দী হোৱাৰ ভয়তে তেওঁলোক দৌৰিছে৷
নগাঁৱৰ কামপুৰৰ বৰপানী বনাঞ্চলত সাংবাদিকক দেখি দৌৰিবলৈ আৰম্ভ কৰে অবৈধ কাঠ মিলৰ গৰাকী, কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে। কামপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে দপদপাই থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে সোমবাৰে নগাঁৱৰ এটি সাংবাদিকৰ দলে বনাঞ্চলখন ভ্ৰমণ কৰে।