নাওকাটাঃ যুৱক তিনিজনে মৰসাহ কৰিছিল৷ ভৰ বাৰিষা ফেনে ফোটোকাৰে বৈ থকা নৈৰ মাজলৈ সাতুৰি গৈছিল৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰক্ষা কৰিছিল এটি কণমাণি হাতী পোৱালিক৷ ৰাজ্যৰ ভিন্ন স্থানত হাতী, গঁড়, হৰিণ আদি বন্য জীৱ-জন্তু হত্যাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে যুৱককেইজনৰ এই খবৰে যথেষ্ট আনন্দিত কৰিছিল প্ৰকৃতিপ্ৰেমীক৷
মৰসাহ কৰি ভৰা নৈৰ বুকুত জাপ দি হাতী পোৱালি উদ্ধাৰ কৰা তিনি যুৱকক মঙলবাৰে বন বিভাগে সম্বৰ্ধনা জনায়৷ যোৱা ৫ জুলাইৰ নিশা বাগছা জিলাৰ মাজেৰে বৈ যোৱা বৰনদীৰ সোঁতত উটি অহা এটি প্ৰায় দুমহীয়া হাতীৰ পোৱালিক সাহসিকতাৰে উদ্ধাৰ কৰি বন বিভাগৰ হাতত গতাই দিছিল যুৱককেইজনে৷