তিনিচুকীয়াঃ অৰুণাচলী সুৰাই উজনি অসম ছানি ধৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰৰ লাজুম গাঁৱত উদ্ধাৰ হয় অৰুণাচলৰ সুৰা৷ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই সন্ধিয়া প্ৰায় ৬-৩০ বজাত দীন মহন্ত নামৰ লোকজনৰ ঘৰৰ পৰা ১২৯টা অবৈধ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে৷
উল্লেখ্য যে, সীমান্তৱৰ্তী এলেকাটোত অৰুণাচল প্ৰদেশৰ পৰা অবৈধ সুৰাৰ উপৰিও প্ৰায়ে বিভিন্ন নিচাযুক্ত দ্ৰব্য সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তৎস্বত্তেও নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবলৈ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় সচেতন মহল ক্ষুব্ধ হৈ পৰিছে৷