কোকৰাঝাৰঃ যি সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰ বাঙালী হিন্দুৰ প্ৰতি দৰদী বুলি সমালোচিত হৈ আহিছে, সেই সময়তে সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰিছে এক গুৰুত্বপূৰ্ণ অভিযোগ। সংগঠনটোৰ মতে বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্ৰচেষ্টা চলাইছে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ডি ভোটাৰৰ জাননী লাভ কৰাৰ পিছতেই মানসিকভাৱে ভাগি পৰি কোকৰাঝাৰৰ সুশীল সৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতেই এই মন্তব্য কৰিছে সংগঠনটোৱে। সংগঠনটোৱে ডি ভোটাৰৰ নামত চলি থকা সন্ত্ৰাস বন্ধ কৰিবলৈকো সৰ্বা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।