তেজপুৰঃ অসমৰ বানপানী বাৰ্ষিক উৎসৱ। কিন্তু এই উৎসৱে আনন্দ দিয়াৰ পৰিৱৰ্তে কঢ়িয়াই আনে যাতনা। প্ৰতিবছৰেই বাঢ়নী পানীয়ে জ্বলা-কলা খুৱাই সৰ্বসাধাৰণৰ জীৱন, সম্পত্তিৰ অনিষ্ট কৰি আহিছে। তৎসত্বেও বানপানীৰ সমস্যা সমাধান নোহোৱাতো পৰিতাপৰ কথা। চৰকাৰে প্ৰতিবছৰেই বানপানী সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে কোটি কোটি টকা আবণ্টন দি আহিছে যদিও অদ্যপি বানপানীয়ে সৰ্বসাধাৰণৰ জীৱন কাঢ়ি নি সৰ্বস্বান্ত কৰাতো পৰিতাপৰ কথা। শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এক বিবৃতিযোগে এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ, অসমে।
সংগঠনটোৱে অসমৰ বান সমস্যা ৰোধত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ব্যৰ্থ হোৱাৰো অভিযোগ কৰে। উল্লেখ্য যে, এইবাৰৰ কৃত্ৰিম বানে গুৱাহাটীৰ মহানগৰীৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাৰ লগতে বহুকেইজন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সমান্তৰালে বিদ্যুত পৰিবাহী তাঁৰত লাগিও কেইবাজনো ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে।