বাঘবৰঃ বাঘবৰৰ মন্দিয়াত দেওবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া নামৰ এটি সংগঠনে স্কুল চলো অভিযান অনুষ্ঠানৰ আয়োজন কৰে৷ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ নিয়াৰ উদ্দেশ্য স্কুল চলো কাৰ্যসূচী ৰূপায়ন কৰে।
মন্দিয়া তিনিআলি চকৰ মন্দিয়া আৰক্ষী চকীৰ সমীপত পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ মন্দিয়া অঞ্চলিক সমিতিৰ সভাপতি সাহাব উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বৃহত্তৰ বাঘবৰ সমষ্টিৰ ৫০ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীক স্কুল বেগৰ লগতে বহী-কিতাপ প্ৰদান কৰে।