ৰাজনীতিকে সাহিত্য চৰ্চা কৰাটো ডাঙৰ কথা নহয়৷ বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী, হেম বৰুৱাকে আদি কৰি কেবাজনো ৰাজনীতিকে ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতে সাহিত্যৰ ভাণ্ডাৰো চহকী কৰি গৈছে।
ৰাজনীতিৰ পথাৰত বৰ্তমানেও সক্ৰিয় হৈ থকা কেইবাগৰাকী ৰাজনীতিকে সাহিত্যৰ পথাৰত ভৰি থৈ কেইবাখনো গ্ৰন্থ চপা কৰি উলিয়াইছে যদিও শেহতীয়াকৈ এগৰাকী আঞ্চলিকবাদী তথা জাতীয়বাদী নেতাই এখন ব্যতিক্ৰমী গ্ৰন্থ লিখি উলিয়াই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজনীতিৰ পথাৰত সৎ আৰু জাতিৰ হৈ তথা জনতাৰ কন্ঠৰূপে অহৰহ মাত মাতি অহা এইগৰাকী নেতা ক্ষমতাৰ লোভত অন্ধ নহৈ আজিও সাধাৰণ লোকৰ মাজত থিয় দিয়ে৷