ৰাজনীতিকে সাহিত্য চৰ্চা কৰাটো ডাঙৰ কথা নহয়৷ বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী, হেম বৰুৱাকে আদি কৰি কেবাজনো ৰাজনীতিকে ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতে সাহিত্যৰ ভাণ্ডাৰো চহকী কৰি গৈছে।

ৰাজনীতিৰ পথাৰত বৰ্তমানেও সক্ৰিয় হৈ থকা কেইবাগৰাকী ৰাজনীতিকে সাহিত্যৰ পথাৰত ভৰি থৈ কেইবাখনো গ্ৰন্থ চপা কৰি উলিয়াইছে যদিও শেহতীয়াকৈ এগৰাকী আঞ্চলিকবাদী তথা জাতীয়বাদী নেতাই এখন ব্যতিক্ৰমী গ্ৰন্থ লিখি উলিয়াই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজনীতিৰ পথাৰত সৎ আৰু জাতিৰ হৈ তথা জনতাৰ কন্ঠৰূপে অহৰহ মাত মাতি অহা এইগৰাকী নেতা ক্ষমতাৰ লোভত অন্ধ নহৈ আজিও সাধাৰণ লোকৰ মাজত থিয় দিয়ে৷

আদৰ্শৰ পৰা বিচ্যুত নোহোৱা নেতাগৰাকীয়ে কেতিয়াও সততাৰ সৈতে বুজাপৰা কৰিব নোখোজে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, চন্দ্ৰমোহন পাটৱাৰী, অতুল বৰা আদিৰ সৈতে সমানে সমানে কাম কৰিছিল এগৰাকী নেতাই। জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ ধাৰণাকে আজিও খামুছি ধৰি আছে নেতাজনে ৷

একালৰ অগপৰ প্ৰভাৱশালী নেতা তথা যুৱ পৰিষদৰ নেতৃত্বলৈ অসমক কৰা অন্যায় বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শিৰ নত নকৰা এনে এগৰাকী নেতা হৈছে সুলীল ৰাজকোঁৱৰ। ডিব্ৰুগড় সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই সুনীল ৰাজকোৱৰৰ 'স্মৃতি আৰু গৌৰৱ' নামৰ গ্ৰন্থখন উন্মোচন কৰে।

মহাবিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰগৰাকীৰ গ্ৰন্থখন উন্মোচন কৰি ড০ শইকীয়াই গন্থ এটা জাতিৰ অতীত বৰ্তমান আৰু ভৱিষ্যত বুলি কৈ যিখন সমাজত গ্ৰন্থৰ আদৰ বেছি সেইখন সমাজৰ বৌদ্ধিক চিন্তাও বেছি বুলি কয়৷

এই গ্ৰন্থই ডিব্ৰুগড়ৰ ইতিহাস ৰাখিব বুলি কৈ প্ৰাক্তন ছাত্ৰ সুনীল ৰাজকোৱৰক প্ৰশংসা কৰে অধ্যক্ষগৰাকীয়ে৷ ডিব্ৰুগড়ৰ বহুদিনীয়া অভাৱ পূৰণ কৰা বুলিও কয়৷ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড০ আতিবুদ্দিন আহমমেদে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি সুনীল ৰাজকোঁৱৰ ভাল ছাত্ৰ আছিল বুলি কৈ ডিব্ৰুগড়ৰ ঐতিহ্য মহীয়ান কৰা বুলি কয়৷

মহাবিদ্যালয়খনৰ উপাধ্যক্ষ সুদক্ষিণা দাসে ৰাজকোঁৱৰৰ গ্ৰন্থখনে সমাদৰ লাভ কৰিব বুলি মন্তব্য কৰে৷ গ্ৰন্থখনত সাৱলীল ভাষাৰে বৰ্ণনা কৰা হৈছে আধুনিক ডিব্ৰুগড় নিৰ্মাতাসকলৰ জীৱন পৰিক্ৰমা। লগতে সন্নিবিষ্ট কৰা হৈছে ডিবৰুপাৰৰ ইতিহাস আৰু ঐতিহাসিক সমলসমূহৰ বিশদ বিৱৰণ।