ৰঙিয়াঃ অৰ্ধশতাধিক গাঁৱক সংযোগ কৰিবলগা এখন দলং। গ্ৰামাঞ্চলৰ যাতায়ত আৰু অৰ্থনীতি সবল কৰাৰ বাবে দলঙৰ ভূমিকা কিমান সেয়া কাৰো অজ্ঞাত নহয়। কিন্তু দহ বছৰ উকলি যোৱাৰ পিছতো কেনেদৰে দলং এখনৰ নিৰ্মাণকাৰ্য আধৰুৱা হৈ থাকিব পাৰে, সেই সম্পৰ্কেহে অজ্ঞাত ৰাইজ।
ৰঙিয়াৰ সমীপৱৰ্তী বাগসাৰ পুঠিমাৰী নৈৰ ওপৰত থকা পকী দলংখনৰ বাবে আবণ্টিত ধন আছিল ৮ কোটি টকা। ১০ বছৰ পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল এই পকী দলংখনৰ। কিন্তু আজিকোপতি সম্পুৰ্ণ হৈ নুঠিল দলংখনৰ কাম।