57
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত এগৰাকী বিএছএফ জোৱানে ৩ সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰে৷ উনাকাটা জিলাৰ বিঅ’পি মগৰুইত থকা চিআৰপিএফৰ অস্থায়ী শিবিৰত এই ঘটনা সংঘটিত হৈছে৷
জোৱান জনে প্ৰথমে সতীৰ্থক গুলীয়াই হত্যা কৰে তাৰ পিছত নিজেও আত্মহত্যা কৰে৷ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক শংকৰ দেৱনাথে জনোৱা মতে, জোৱান জনে নিজ চাৰ্ভিচ বন্দুকেৰে নিৰ্বিচাৰ গুলীচালনে কৰে আৰু তাৰ পিছতে নিজেও আত্মহত্যা কৰে৷