ৰঙিয়াঃ কৰ’না ভাইৰাছক পৰাভূত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্যৰে ৰাজ্য চৰকাৰসমূহে। এইক্ষেত্ৰত চৰকাৰক সহযোগ কৰিবলৈ সামৰ্থ্যৱানসকলে PM Cares Fundলৈ সাধ্যানুযায়ী দান-বৰঙণি আগবঢ়াইছে। ৰাজ্য চৰকাৰসমূহৰ সাহায্য পুঁজিলৈকো যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে। ইয়াৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াৰ পৰা আহিছে সহায় আগবঢ়োৱাৰ এটি বিশেষ খবৰ।

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ এগৰাকী কলেজীয়া ছাত্ৰী ৰীমা ঘোষ। আন বহুতৰ দৰে ৰীমায়ো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত আসম আৰোগ্য নিধিলৈ আগবঢ়াইছে ১ লাখৰো অধিক টকা। কেইহাজাৰ বা কেইলাখ টকা আগবঢ়াইছে তাৰ বাবে এই খবৰ বিশেষ নহয়। এই খবৰ বিশেষ হোৱাৰ পিছত আছে আন এক কাৰণ।

এটকা-দুটকাকৈ ৰীমাৰ বিয়াৰ বাবে পিতৃ-মাতৃয়ে জমা কৰিছিল ধন। জমা কৰোতে কৰোতে সেই ধন হৈছিলগৈ ১ লাখ ৯৯ টকা। বিয়াৰ বাবে জমা কৰা এই সমুদায় ধন চেকযোগে এতিয়া ৰঙিয়াৰ স্থানীয় বিধায়ক তথা জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ জৰিয়তে যোৱা ৪ এপ্ৰিলত আৰোগ্য নিধিলৈ আগবঢ়াইছে অনন্য ৰীমাই।  

'সমগ্ৰ বিশ্বই এই সময়ত কৰ’নাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। আমাৰ দেশতো বহু লোক আক্ৰান্ত হৈছে। অসমতো কেবাজনো আক্ৰান্ত হৈছে। সেয়ে মা-দেউতাৰ কথা পাতি মই এই সিদ্ধান্ত লৈছো আৰু ধনৰাশি আৰোগ্য নিধিলৈ আগবঢ়াইছো।’-ৰীমাই কয়।

উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনোৱা মতে এই পৰ্যন্ত অতিকমেও ৮ হাজাৰতকৈও অধিক লোকে ১৭ কোটি ৩৭ লাখ টকা আৰোগ্য নিধিলৈ আগবঢ়াইছে। আজি দুপৰীয়াৰ ভাগত এক সংবাদমেলযোগে মন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই পৰ্যন্ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছে ২০০০ ৰো অধিক নমুনা। এই নমুনা সংগ্ৰহ কৰাসকলৰ অধিকাংশকে টেষ্টৰ ৰিপ'ৰ্ট নোলোৱা পৰ্যন্ত ৰখা হৈছে কোৱাৰেণ্টাইনত।