বিহু অসমীয়াৰ বাপতি সাহোন। গণ জীৱনৰ সাহ। কিন্তু এনেহেন বিহুটিয়েও এতিয়া যেন আমাক লগ নিদিয়া হৈছে। এইবাৰ ভোগালী বিহুটিত অসমৰ ৰাইজে কোনোধৰণৰ ভোগেই কৰিবলৈকে নাপালে। এতিয়া ৰঙালী বিহুটিতো অসমীয়া ৰাইজে যে কোনোধৰণ ৰং-ৰহইছো কৰিব নাপাব সেয়া ধুৰূপ। বিহুৰ আৰম্ভণিৰে পৰা অসমত ইয়াৰ আগতে এনেকুৱা দুৰ্দিন হৈছিল নে নাই তাৰ কোনো সবিশেষ তথ্য পাবলৈ নাই। অসম আন্দোলনৰ সময়তো বিহুৰ দিনকেইটাত ভয়-শংকাই দেখা দিছিল যদিও বিহুৱানখন যাচিব পাৰিছিল। কিন্তু এইবাৰ পৰিস্থিতি এনে হৈ পৰিছে যে হেপাহৰ বিহুৱানখনো কোনেও কাকো আগবঢ়াব নোৱাৰিব। লিখিছে বিকাশজ্যোতি শইকীয়াই।


► উছৱবোৰ যেন শেষ হৈ আহিছে৷ ইটোৰ পিছত সিটো পৰিঘটনাই যেন শেষ কৰি নিছে জীৱনৰ মাদকতা, অনাবিল হাঁহি আৰু উচ্ছাসৰ জোঁৱাৰ৷ ক্ৰমাগত ঘটনা-পৰিঘটনাবোৰে যেন কৰ্মব্যস্ত মানুহক, জীৱনৰ দৈনন্দিন প্ৰাত্যহিকতাৰ মাজত কিছুক্ষণ উছৱৰ আনন্দত মতলীয়া হোৱাৰপৰা বঞ্চিত কৰিছে৷ নাটকীয় দৃশ্যপটৰ দৰে এটাৰ পিছত এটাকৈ প্ৰৱেশ ঘটিছে দুৰ্যোগ আৰু দুৰ্ভাৱনাৰ৷ ক’তো কোনো স্থিৰ হৈ থাকিব নোৱৰাৰ দুৰ্ভাগ্যজনক পৰিৱেশ৷ এনেদৰেই লাহে লাহে হেৰাই যাব নেকি জীৱনৰ ৰঙবোৰ, উল্লাস আৰু হাঁহিৰ সঁফুৰাবোৰ৷ ক্ৰমশঃ ঘটি থকা ঘটনাবোৰে দিছে নেকি তাৰেই আগলি বতৰা?

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ পিছলৈ নাগৰিকত্ব আইন ২০১৯, কেব আৰু কা-বিৰোধী আন্দোলনৰ বাবে অসমবাসী জনসাধাৰণৰ জীৱন যাত্ৰা প্ৰায় স্তব্ধ হৈ পৰিছিল৷ প্ৰায় দুমাহৰো অধিক কাল অসমৰ জনসাধাৰণৰ বাবে কেব আৰু কা-বিৰোধী আন্দোলন আছিল নৈমিত্তিক প্ৰাত্যহিকতা৷ আকাশ-বতাহ ছানি ফটা টায়াৰৰ ক’লা ধোঁৱা, জোঁৰ সমদল, ধৰ্ণা, জন সমাৱেশ, প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন৷ কাৰ্ফিউৰ সেই অন্ধ, ক’লা সময়খিনিৰ কথা কোনে পাহৰিব পাৰে৷ 

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হোৱাৰ পিছত ম্লান পৰিছিল অসমবাসী জনসাধাৰণৰ উছাহ৷ অসম আৰু অসমীয়াৰ অস্তিত্ব, নিজৰ ঠাইতে ভগনীয়া হোৱাৰ আশংকাই খেদি ফুৰাৰ সময়ত স্বাভাৱিকতে সেইখিনি সময়ত ভোগালী উছৱৰ সেই উলাহৰ ধল নাছিল৷ তাৰ সলনি আছিল মেজি জ্বলাইও প্ৰতিবাদ কৰাৰ পন্থা৷ অসমীয়াৰ প্ৰাণৰ ভোগালী বিহু ৰাজ্যবাসীয়ে কেৱল অনুষ্টুপীয়া আনুষ্ঠানিকতাৰে সামৰিছিল৷ বুকুত উছৱৰ আনন্দ, উলাহৰ সলনি আছিল খং, ক্ষোভ আৰু প্ৰতিবাদৰ দাবানল৷ ভোগালীৰ পিছতো সেই বিদ্ৰোহৰ শাম কটা নাছিল যদিও দৈনন্দিন ব্যস্ততা আকৌ আৰম্ভ হৈছিল৷ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈ ৰাইজ ব্যস্ত হৈ পৰিছিল জীৱন-জীৱিকাৰ সংগ্ৰামত৷

কিন্তু সেই স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হ’বলৈ বেছি সময় নালাগিল৷ অলপ থান-থিত লাগিবলৈ আৰম্ভ হৈছিলহে৷ ভোগালী বিহুটো পালন কৰিবলৈ নোপোৱাৰ দুখখিনি পূৰাবলৈ ৰঙালী বিহুটো ৰৈ আছিল৷ কা-বিৰোধী আন্দোলনৰ তীব্ৰতা হ্ৰাস হ’লেও অসমীয়া জনমানসৰপৰা কা-বিৰোধিতা আঁতৰ হোৱা নাছিল যদিও জাতীয় দুৰ্যোগ আৰু দুৰ্ভাৱনাক একাষৰীয়া কৰি অসমীয়াই হয়তো ৰঙালী বিহুতো অনুষ্টুপীয়াকৈ হ’লেও উদযাপন কৰিলেহেঁতেন৷ কিন্তু কি দুৰ্ভাগ্য৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ধৰণেৰে হঠাৎ অসমীয়া জনজীৱনক জোঁকাৰি গ’লহি কৰ’না আতংকই৷ 

এই কৰ’না আতংক কোনোধৰণৰ চৰকাৰী ষড়যন্ত্ৰ নহয়, নহয় ভোট বেংকৰ নিকৃষ্ট ৰাজনীতি৷ চুবুৰীয়া ৰাষ্ট চীনত উদ্ভূত এক ভাইৰাছসৃষ্ট মহামাৰী৷ এই কৰ’না এতিয়া কেৱল আমাৰ দেশ বা ৰাজ্যৰ সমস্যা নহয় বৰঞ্চ ই এক সৰ্বগ্ৰাসী সমস্যা হৈ গোটেই বিশ্বকে সামৰি লৈছে৷ কৰ’নাতংকত এতিয়া গোটেই বিশ্ব সন্ত্ৰষ্ট৷ বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ’না ভাইৰাছৰ সংক্ৰমণত হাজাৰ হাজাৰ মানুহে জীৱন হেৰুৱাবলগীয়া হৈছে৷ মানুহৰপৰা মানুহলৈ বিয়পা এই ভাইৰাছৰসংহাৰী আক্ৰমণৰপৰা বাচি থকাৰ এটাই উপায় সেয়া হ’ল সামাজিক দূৰত্ব (ছ’চিয়েল ডিচেটেন্সিং) বৰ্তাই ৰখা৷ আৰু এয়া কৰিবলৈকে দেশজুৰি বলৱৎ কৰা হৈছে ২১ দিনীয়া ল’কডাউন যিটো ১৪ এপ্ৰিল তাৰিখলৈকে চলিব৷ ল’কডাউনৰ অৰ্থ হ’ল নিজকে ঘৰত সম্পূৰ্ণৰূপে আৱদ্ধ কৰি ৰখা৷ নিতান্ত প্ৰয়োজন নহ’লে ঘৰৰপৰা নোলোৱা৷ প্ৰতিৱেশী বা আন কাৰোৰে লগত মিলা-মিছা নকৰা৷

প্ৰাকৃতিক পৰিঘটনাৰ ফলস্বৰূপে স্বাভাৱিকতে কুলি-কেতেকীয়ে আহি সুৰীয়া বিননি জুৰিছে, গছ-বিৰিখত ন-কুঁহি ওলাইছে, কপৌ, ভাটৌ ফুলে জকমকাইছে৷ কিন্তু অসমীয়াৰ প্ৰাণৰ বিহু ঢোল-পেঁপা-গগনা-বাঁহীৰ অবিহনে হ’ব জানো৷ হ’ব জানো হুঁচৰি অবিহনে, হ’ব জানো উজনিৰ গছতলৰ গাভৰু বিহু অবিহনে৷ কাৰণ এই মুহৰ্তত সামাজিক দূৰত্ব, ছ’চিয়েল ডিচটেন্সিং বৰ্তাই ৰাখিবলৈ মানুহৰ সমাগম সম্ভৱেই নহয়৷ অন্যহাতে লকডাউনৰ নিৰ্ধাৰিত তাৰিখ যদিও ১৪ এপ্ৰিল কৰ’না আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি অহাৰ প্ৰেক্ষাপটত ল’ক ডাউনৰ সময়সীমা বৃদ্ধি হোৱাৰে সম্ভাৱনা বেছি৷ 

শেহতীয়াকৈ অসমত কভিড-১৯ত আক্ৰান্ত লোকৰ কথা পোহৰলৈ অহাৰ পিছত অসমতো এয়া বাহাল থকাতো প্ৰায় নিশ্চিত৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা লকডাউন বৃদ্ধি কৰা নহয় বুলি কোৱা হৈছে যদিও বিকল্প হিচাপে একাধিক নিষেধাজ্ঞা বাহাল থাকিব বুলিও জনাইছে। এনে পৰিৱেশ-পৰিস্থিতিত উছৱৰ আনন্দত ভাগ লোৱাতকৈ এই মুহূৰ্তত জীৱন-মৰণৰ বিষয়টো বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ গতিকে বৰ্তমান এনে জটিল সময় আৰু পৰিস্থিতিৰ প্ৰেক্ষাপটত কেব, কা-ৰ বাবে অসমীয়াই ভোগালী বিহুৰ ৰং-ৰহইচৰ পৰা বঞ্চিত হোৱাৰ পিছত ৰঙালীৰ আনন্দৰপৰাও যে বঞ্চিত হ’ব সেয়া ধুৰূপ৷ কাৰণ অসমত এতিয়ালৈ কভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ খবৰ আহিয়েই আছে৷

সেয়েহে ক’ব লাগিব কেব আৰু কাই ভোগালী খালে, কৰ’নাই খালে ৰঙালী৷

উছৱৰ আনন্দৰ কথা সুকীয়া কিন্তু এইখিনি সময়ত আমি সজাগ আৰু সতৰ্ক হৈ থাকি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ লগতে স্বাস্থ্য বিধি মানি চলিবই লাগিব৷ ঘৰত থাকক, কুশলে থাকক৷