গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পশু চিকিৎসালয়খন আজি বাৰ বছৰ ধৰি ৪৬ খন গাঁৱৰ পশুধনৰ চিকিৎসা প্রদান কৰি আহিছে কেৱল এজন চিকিৎসকে। উল্লেখ্য যে গৌৰীসাগৰ খণ্ড উন্নয়ণ বিষয়াৰ এটা কোঠাত বহিয়েই বিগত বাৰ বছৰ ধৰি চিকিৎসা প্রদান কৰি আহিছে এজন চিকিৎসকে।
বৃহত্তৰ অঞ্চলটোৰ গৌৰীসাগৰ, চাৰিং, দিখৌমুখকে সাঙুৰি ৪৬ গাঁৱত থকা তিনিটা উপস্বাস্থ্য কেন্দ্রত চিকিৎসা প্রদান কৰা সজুলিৰ অভাৱ বুলি জানিব পৰা গৈছে। লগতে কোনো জনপ্রতিনিধিয়ে এইক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা নাই বুলি স্থানীয় ভুক্তভোগী ৰাইজে জানিবলৈ দিছে।