গোৰেশ্বৰঃ সাংস্কৃতিক চহৰ বাগসা জিলাৰ গোৰেশ্বৰত আজি মঞ্চস্থ হ'ল "মন্দোদৰী"। গোৰেশ্বৰ লগতে ৰাজ্যৰ নাট্য জগতত সুষ্ঠ নাট্য চৰ্চা অব্যাহত ৰখা চিফুং দ্য আৰ্টিষ্ট ৰ উদ্যোগত স্থানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত শনিবাৰে সন্ধিয়া ৮ বজাত মঞ্চস্থ হোৱা নাটখনিৰ পৰিকল্পনা আৰু পৰিচালনা পৰী শৰণীয়াৰ।

মন্দোদৰীৰ নাট্যৰূপ বিশিষ্ট নাট্যকাৰ ধৰ্মকান্ত ৰাজবংশীৰ। ৰাৱণৰ পত্নী মন্দোদৰীৰ দৃষ্টিৰে ৰাক্ষসৰ ৰজা ৰাৱণৰ চৰিত্ৰক মূল্যায়ণ কৰাৰ চেষ্টা কৰা হৈছে। ৰাৱণৰ সাহস, পৰাক্ৰম আৰু বীৰতাৰ লগতে পত্নী মন্দোদৰীৰ প্ৰতি থকা প্ৰেম ভালপোৱাক সঠিক ৰূপত উপস্থাপন কৰা হৈছে । উপস্থাপন কৰা হৈছে মন্দোদৰীৰ ননদ শূৰ্পণশাৰ চৰিত্ৰক ।সীতাক হৰণ কৰি অনাৰ পিছতো মন্দোদৰীয়ে স্বামীক বাধা দিছিল তেনে কৰিবলৈ । পুত্ৰ ইন্দ্ৰজিৎ  ৰাৱণৰ পথেৰে আগবাঢ়িব বিচৰাতো শংকিত হৈছিল ভৱিষ্যতৰ লংকাক লৈ। সতী হিচাপে মন্দোদৰীয়ে কাহানিও কাকো দোষাৰোপ নকৰি নিজে বিশ্লেষণৰে কৰিছিল পৰিস্থিতিৰ ।

মন্দোদৰীৰ পুত্ৰৰ মৃত্যুৰ বাতৰিত মাতৃ হিচাপে পুত্ৰশোক প্ৰতিফলিত হৈছিল যদিও ভৱিষ্যতৰ বাবে মনত থকা দৃঢ়তাকো নাটখনিত সুন্দৰভাবে উপস্থাপন কৰা হৈছে। ভৱিষ্যতক লৈ চিন্তাত পৰিছিল।  বাৰে বাৰে শংকিত হৈছিল লংকাৰ আহিব লগা দিনবোৰৰ প্ৰতি। আনকি দুই মানব ৰাম -লক্ষ্মণৰ অন্যায়ৰ নহ'বলৈও কামনা কৰিছিল মন্দোদৰীয়ে। যি ৰাৱণে প্ৰতিকূল পৰিস্থিতিত মন্দোদৰীৰপৰা সাহস বিচাৰিছিল সেই মন্দোদৰীৰ অন্তৰৰ নিভৃত কোণত ৰাৱণৰ প্ৰতি লুকুৱাই ৰাখিছিল অকৃত্ৰিম মৰম প্ৰেম, ভালপোৱা। নাটকৰ দৃশ্যসজ্জা আছিল আকৰ্ষণীয় ।                        

এটি নাৰী চৰিত্ৰৰ মাধ্যমেৰে সমাজৰ নাৰীৰ ত্যাগ-বলিদান আৰু সাহসৰ লগতে নাৰীমনৰ অন্তৰ্দ্বন্দ্বৰ মাধ্যমেৰে নতুন সমাজৰ বাবে বতৰা দিয়ে মন্দোদৰীয়ে। দানী ৰাবনৰ সাহস আৰু বীৰত্বক জীয়াই ৰখাৰ  বাবে অৱশেষত পঞ্চ সতীৰ এজনী সতী মন্দোদৰীয়ে ৰাজ সিংহাসনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ মাধ্যমেৰে নাটখনিৰ জৰিয়তে বিপদতো হতাশ নহ'বলৈ সুন্দৰ বাৰ্তা বিলাইছে।

নাটখনিত ৰাৱণৰ চৰিত্ৰত তুষাৰ প্ৰীতম আৰু মন্দোদৰীৰ চৰিত্ৰত পৰিচালিকা পৰী শৰণীয়াই নিজে অভিনয় কৰি দৰ্শকৰ মন চুই যাবলৈ সক্ষম হয়। নাট্যকাৰ ধৰ্মকান্ত ৰাজবংশীয়ে প্ৰস্তুত কৰা চিত্ৰনাট্য সুন্দৰ আৰু সহজ হোৱাত দৰ্শকৰ নাটকৰ মন্তব্য বুজাত যথেষ্ট সহায়ক হৈছে।

নাটখনিৰ কষ্টিউমৰ কাম কৰিছে চনমিত্ৰ ভৌমিকে। পোহৰৰ কাম কৰে হিৰকজ্যোতি নাথে। সংগীত ব্যৱস্থাপনা হেমেন ডেকাৰ। ইয়াৰ লগতে নাটখনিৰ আন আন  কেতবোৰ চৰিত্ৰত অলিম্পিকা ৰাজবংশী, হাইনাৰী দৈমাৰী, বেনজামিন দৈমাৰী, অনিন্দিতা ডেকা, সুভজিৎ ধৰ, সৌদাংশ্ৰী বড়ো, দিশা শৰ্মা আৰু চিফুংৰ শিল্পীসকলে সুন্দৰ অভিনয় প্ৰদৰ্শন কৰি নাটখনিক উপভোগ্য কৰি তোলে।