চামুগুৰিঃ সৰ্বদিশতে অৱহেলিত এখন গাঁও। দেশে স্বাধীনতা লাভ কৰাৰ ৬৯ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এই গাঁওখনৰ নাম ভৰাগুৰি বিলপাৰ গাঁও৷ নগাওঁ জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং ভৰাগুৰিৰ বিলপাৰ গাৱঁত থকা ৪০ ঘৰৰো অধিক লোকে আজি পৰ্যন্ত দেখা নাই উন্নয়ন কি বস্তু।
ৰাস্তা-ঘাট, খোৱাপানী, স্বাস্থ্যসেৱা আৰু অন্য চৰকাৰী কিছুমান আচঁনিৰ পৰা বঞ্চিত হোৱা এই গাঁৱৰ জনসাধাৰণৰ মূল সমস্যাটো হ’ল বিদ্যুতৰ সমস্যা। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে সকলোকে বিদ্যুত যোগান ধৰাটো বাধ্যতামূলক কৰা হৈছে যদিও এইখন গাঁৱৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও আজি পৰ্যন্ত লাভ কৰা নাই বিদ্যুত সেৱা।