ঢেকীয়াজুলিঃ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰিছে৷ ৰাজ্যখনত বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীৰ লোকসকলক চৰকাৰে জনজাতিকৰণৰ মৰ্য্যদা দিয়াৰ আশ্বাস দিছিল নিৰ্বাচনৰ পূৰ্বে৷
বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সংগঠনটোৱে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ শীঘ্ৰে আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা নিদিলে ইয়াৰ দ্বাৰা সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব বুলিও সকীয়াই দিয়ে সংগঠনটোৱে৷