লংকাঃ ৩০ ঘন্টা উকলি যোৱাৰ পাছতো উদ্ধাৰ নহ’ল বাঢ়নী পানীত উটি যোৱা বাহাদুৰ আৰু ৰামুদলাৰ মৃতদেহ ৷ হোজাই জিলাৰ লামডিঙৰ বাহাদুৰ আৰু ৰামুদলাৰ নামৰ লোক দুজনক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল বুধবাৰে নিশা৷
লামডিঙৰ ২নং জৰংদিচাৰ নিবাসী পদ্ম বাহাদুৰ ছেত্ৰী আৰু ৰামুদ চৌহান নামৰ দুজল লোকে বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত পাম্প ৰোডৰ এখন নৈৰ সাকোঁ পাৰ হওতে দুৰ্ভাগ্যৱশত নৈৰ পানীত পৰে৷ স্থানীয় আৰক্ষী আৰু এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷