কাৰ্বি আংলংঃ ৰাজ্যৰ সকলো ফালে এতিয়া প্ৰলয়ংকাৰী বানৰ বিভিষিকা৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ২৯ খনকৈ জিলাৰ ২৫ লক্ষ লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ এই ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ বানপানী-গৰাখহনীয়াত আক্ৰান্ত জনসাধাৰণক পৰ্যাপ্ত সাহাৰ্য প্ৰদান, শিশু খাদ্য যোগান, চিকিৎসা সেৱা, ক্ষতিগ্ৰস্ত জনসাধাৰণক পুনৰ সংস্থাপন আৰু অসমৰ বানপানী-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে আজি বোকাজানতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷