46
ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ ধুহিবালাত আজি দলং মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ধুহি হাই মাদ্ৰাছাৰ সন্মুখত থকা কাঠৰ দলংখন দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাৰ পাছটো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত আজি স্থানীয় আছুই পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে।
চমুখা-ধুহি সংযোগী পথৰ উক্ত দলংখনেৰে ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আদিয়ে বিপজ্জনক ভাৱে আহ-যাহ কৰিব লগীয়া হয়৷