55
ৰঙিয়াঃ থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বঞ্চনাৰ প্ৰতিবাদত আজি ৰঙিয়া ৰেল সংমণ্ডলৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰেল বিভাগত থলুৱাক বঞ্চনা, চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ পদত ১০০ শতাংশ থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া আৰু অসমকে ধৰি উত্তৰ-পূৰ্বঞ্চালক লৈ সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে।