অভয়াপুৰীঃ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভয়াপুৰীৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী নিকুমণি দেৱীয়ে অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি অভয়াপুৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গীতানগৰ বাসিন্দা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দেবানন অধিকাৰী আৰু বাপুজি হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী জয়াৰাণী চক্ৰবৰ্ত্তীৰ কন্যা সন্তান নিকুমণি দেৱীয়ে অসমীয়াত ৯৫, ইংৰাজীত ৯৬, গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৭ আৰু উচ্চ গণিতত ৯৭ নম্বৰেৰে মুঠ ৫৮৩ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰাৰ বতৰাই উৎফুল্লিত কৰি তুলিছে অভয়াপুৰী বাসীক।