অভয়াপুৰীঃ বিহু বিহু কাৰনো দেহ-মন ৰাই জাই নকৰে৷ প্ৰতিজন অসমীয়াৰ মন বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। সেয়া ডেকাই হওক নতুবা বুঢ়াই হওক, স্বদেশতেই হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মন। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও বাপতি সাহোন বিহু পালন কৰে অসমীয়াই৷
ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত। ডেকাসকলে হাতত ঢোল লৈ মতলীয়া হৈ পৰাৰ সময়তে সমাজৰ জ্যেষ্ঠ নাগৰিকসকলেও পিছ পৰি নাথাকিল৷