ডিজিটেল ডেস্কঃ কিৰণ খেৰ, ভেঙ্কায়া নাইডু, লালকৃষ্ণ আদৱানীৰ পাছত এইবাৰ প্ৰাণনাশৰ ভাবুকি আহিল বিতৰ্কিত কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েলৈ৷ দেওবাৰে মাজনিশা কোনো অচিনাক্ত লোকে বিজেপি সাংসদ তথা কেন্ত্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েৰ ঘৰৰ লেণ্ডলাইন নম্বৰত ফোন কৰি সাংসদগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰে৷
জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ২ বজাত অনন্ত কুমাৰৰ ব্যক্তিগত ফোনত এটা অচিনাক্ত ফোন আহে৷ কিন্তু ফোনটো ৰিচিভ নকৰাত কিছুসময় পিছত পুনৰ সাংসদগৰাকীৰ লেণ্ডলাইন নম্বৰলৈ ফোন আহে৷ এইবাৰ ফোনটো সাংসদগৰাকীৰ পত্নীয়ে ৰিচিভ কৰাত কোনো অচিনাক্ত লোকে ফোনৰ সিটো মূৰে হিন্দীভাষাত অসংলগ্ন কথা কোৱা বুলি জানিবলৈ দিয়ে সাংসদ অনন্ত কুমাৰৰ পত্নীয়ে৷