মাৰ্ঘেৰিটাঃ ৰাজ্যত ইটো ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই সিটো ধৰ্ষণ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ ৰাজ্যত এইবাৰ শিশুক যৌন নিৰ্যাতন চলোৱাৰ দৰে কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ লজ্জাজনক কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত৷
তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙত সংঘটিত হৈছে লজ্জাজনক কাণ্ড৷ দ্বিতীয় মান শ্ৰেণীৰ পঢ়ি থকা ৬ বছৰীয়া লৰা সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে চুবুৰীয়াৰ বিৰুদ্ধে৷