কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ সপ্তম বাৰ্ষিক শ্বহীদ দিৱস আৰু ৬ তম দ্বি-বাৰ্ষিক ফকিৰাগ্ৰাম আঞ্চলিক অধিবেশনখন দেওবাৰে অৰ্থাৎ ২২ অক্টোবৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ শিঙিমাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব৷
কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ২২ অক্টোবৰৰ পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলনেৰে শ্বহীদ দিৱস আৰু অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলামে৷ ইয়াৰ পিছতে ৯-৩০ বজাত শ্বহীদৰ বাবে দোওৱা, ১০ বজাত খেল ধেমালি আৰু দুপৰীয়া ১২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলোৰ মাজত আকস্মিক বক্তৃতা অনুষ্ঠিত হব৷