ডিজিটেল ডেস্কঃ ভাত ভাত কৰি ভাত খাবলৈ নাপাই মৃত্যুমুখত পৰিল নিজ কন্যা৷ কন্যাৰ শোকত ম্ৰিয়মান মাতৃক আৰম্ভ কৰিছে নিৰ্যাতন চলোৱাৰ৷ ঝাৰখণ্ডৰ ১১ বছৰীয়া সন্তোষী কুমাৰী নামৰ কিশোৰীগৰাকীৰ মাতৃ কয়লী দেৱীৰ ওপৰত এতিয়া আৰম্ভ হৈছে নিৰ্যাতন৷ তেওঁলোকে বাস কৰা গাঁৱৰ লোকে ধাৰাবাহিক ভাৱে অত্যাচাৰ কৰি থকাৰ বাতৰি প্ৰচাৰ হৈ অহাত চিন্তাৰ বিষয় হৈ পৰিছে।
দা ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্ট অনুসৰি ৰাজ্যখনৰ চিমডেগা জিলাখনৰ কৰিমাটি গাঁৱৰ লোকসকলে কয়লী দেৱীয়ে তেওৰ কন্যা সন্তোষী কুমাৰীয়ে ভাত খাবলৈ নাপাই ভোকত মৃত্যুমুখত পৰা বুলি উত্থাপন কৰা অভিযোগ সচা নহয়৷ এই অভিযোগে গাঁও খনৰ বদনাম কৰিছে৷ যাৰ ফলত কয়লী দেৱীৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰিছে গাঁওবাসীয়ে।