গোৰেশ্বৰঃ বিটিএডি বসবাস কৰি থকা ২২ লক্ষ অবড়ো জনসাধাৰণৰ আবেগক উপেক্ষা কৰি যদি কেন্দ্ৰীয় চৰকাৰে সুকীয়া বড়োলেণ্ড গঠন কৰে তাৰ পৰিণতি অসমত ভয়াবহ হ’ব বুলি সকীয়াই দিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই। তেওঁ এবছুক প্ৰত্যাহ্বান জনাইছে যে যদি সাহস আছে তেন্তে তেওঁ লোকে বড়োলেণ্ড গঠনক নামত গণভোটৰ ব্যৱস্থা কৰক। অসমৰ কোনেও আৰু অসমক খণ্ড খণ্ড হোৱাতো বিচৰা নাই।
২০০৩ চনত গঠিত বিটিএডি এলেকাত আমাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা ভূমি আৰু ভাষা-সংস্কৃতিৰ অধিকাৰ কৌশলগতভাৱে বড়োসকলে আমাৰ পৰা কাঢ়ি নিলে।- এই মন্তব্য যোগেশ্বৰ কলিতাৰ।