Home ৰাজ্যবোকাজানত পথ দুৰ্ঘটনা,এজন গুৰুতৰভাৱে আহত

বোকাজানত পথ দুৰ্ঘটনা,এজন গুৰুতৰভাৱে আহত

by News Desk
113 views
A+A-
Reset

কাৰ্বি আংলংঃ  উদ্যোগ নগৰী বোকাজানৰ শুকানজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি গধুলী ৬ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এএছ-০৯-চি-১১১২ নম্বৰৰ মালবাহী বলেৰ’ পিকআপ গাড়ীখন সৰিয়হজান দিশৰ পৰা ইটা বোজাই কৰি ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ঘাইপথৰ কাষত বিপৰীত দিশে ৰৈ থকা এএছ ০৯-এ- ০৫৬৩ নম্বৰৰ এখন অটোৰিক্সাত প্ৰছণ্ড খুন্দা মাৰি গৈ কিছু নিলগতে ৰৈ থকা এএছ ০৯-এ- ০০২৮ নম্বৰৰ অন্য এখন অটোৰিক্সাতো খুন্দা মাৰে ৷ 

দুৰ্ঘটনাত পতিত হোৱা প্ৰথম অটোখনৰ চালক তথা গুৰুতৰভাৱে আহত কাৰ্তিক দেৱ আৰু সামান্যভাৱে আঘাটপ্ৰাপ্ত আৰোহী বিটু দাসক ঘটনাস্থলীত উপস্থিত ৰাইজে চিকিৎসাৰ বাবে ততাতৈয়াকৈ বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে দ্বিতীয়খন অটোত কোনো নাছিল যদিও অটোখনৰ সন্মুখভাগ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে প্ৰথম অটোখন সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0