ডিজিটেল ৰিপ’ৰ্টঃ তেওঁৰ ঘৰ ক’ত, ক’ৰ পৰা আহিছে কোনেও নাজানে৷ তেওঁৰ শৈশৱ-যৌৱনৰ কথাও কোনেও নাজানে৷ তেওঁ এতিয়া বসবাস কৰি থকা চহৰখনৰ লোক হয় নে নহয় সেই কথাও কোনেও নাজানে৷ কেইদিনমানৰ আলহী হৈ আহিছিল তেওঁ৷ মানুহৰ আদৰ-মৰম লাভ কৰি এদিন-দুদিনকৈ বহু বছৰ পাৰ কৰিলে চহৰখনত৷ এখন সম্ভ্ৰান্ত চহৰৰ বাসিন্দা যদিও তেওঁৰ নাই নিজস্ব ঠিকনা৷
তেওঁ ঠিকনাবিহীন যাযাবৰ৷ দাড়ি-গোফে ভোবোকাৰ মুখমণ্ডলৰ মানুহজনক চহৰখনৰ সকলোৱে চিনি পায়৷ তেওঁক দেখিলে বিখ্যাত সৃষ্টিৰ সাগৰত ডুবি থকা শিল্পী যেন লাগে৷ পদপথত কেইবাটাও ঠিকনা আছে তেওঁৰ৷ পানীৰ বটল, পলিথিনিত আটোমটোকাৰিকৈ বান্ধি ৰখা নানা সামগ্ৰীৰ অধিকাৰী তেওঁ৷ পদপথৰ গুহা সদৃশ ঠাইত থাকিও পৃথিৱীৰ সকলোতকৈ সুখী মানুহ তেওঁ৷