চিচিবৰগাঁওঃ অসম জাতীয়াতাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ১২ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কিতাপ, সাজপাৰ আদি প্ৰদান কৰে৷
সংগঠনটোৰ শিক্ষা কোষ আৰু সংস্থাপন কোষৰ উদ্যোগত অনুষ্ঠিত এখন সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷ ইয়াৰ লগতে কৃষককো একেটা অনুষ্ঠানতে কৃষিৰ সাঁ-সজুলি যোগান ধৰে।