ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড বাধ্যতামুলক কৰা বিষয়তো উচ্চতম ন্যয়ালয়ৰ বিচাৰাধীন হৈ থকা সময়তে ক্ৰিকেটৰ জনপ্ৰিয় সংস্কৰণ আই পি এল খেলৰ টিকট ক্ৰয় কৰিবলৈ বিতৰ্কিত আধাৰ কাৰ্ড বাধ্যতামুলক কৰিছে মেৰা ইভেন্টছ নামৰ অনলাইন টিকট বিক্ৰেতা কোম্পানীটোৱে।
জনপ্ৰিয় অনলাইন টিকট বিক্ৰেতা মেৰা ইভেণ্টচৰ ৱেবচাইটত গৈ এতিয়া টিকট ক্ৰয় কৰিবলৈ হ’লে আপুনি আধাৰ কাৰ্ডৰ নম্বৰ প্ৰৱিষ্ট কৰাটো বাধ্যতামুলক। মেৰা ইভেণ্টচৰ এই সিদ্ধান্তক লৈ ক্ষুণ্ণ হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। টিকটৰ ক’লাবজাৰ ৰোধ কৰিবলৈ এনে ব্যৱস্থা লোৱা হৈছে বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।