বিশ্বনাথ চাৰিআলিঃ ফেচবুকযোগে অপপ্ৰচাৰৰ সীমা নাই৷ এয়া ৰোধ কৰাৰ বাবে, বিশেষকৈ হিংসা-বিদ্বেষ বিয়পোৱা ধৰণৰ কথা-বতৰা, ছবি, ভিডিঅ’ আদিৰ ওপৰত কঢ়া নজৰ ৰখাৰ বাবে ভালেমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিভিন্ন সময়ত মাত মাতি আহিছে৷ ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি গুগলেও এই বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আৰম্ভ কৰিছে৷
কিন্তু তাৰে এক বিপৰীত আৰু বেপেৰুৱা নজিৰ দাঙি ধৰিছে অসমৰ এগৰাকী নেতাই৷ উৰাবাতৰিত সাধাৰণ লোক ভোল যোৱাতো স্বাভাৱিক৷ কিন্তু ৰাইজৰ প্ৰতিনিধি এজনে কেনেদৰে বিশ্বাস কৰি ল’ব পাৰে এটা উৰাবাতৰিক৷ এয়া দৰাচলতে অজ্ঞতা নে উদ্দেশ্যপ্ৰণোদিত৷ এনেধৰণৰেই প্ৰশ্নৰ সন্মুখীন হৈছে সাংসদ আৰপি শৰ্মা৷