কোকৰাঝাৰঃ বিটিএডি নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। মঙলবাৰে ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী আৰু লাওপানী এলেকাৰ পৰা আৰক্ষী আৰু সেনাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ পিছত আজি পুনৰ কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে মাৰণাস্ত্ৰ।
প্ৰাপ্ত খবৰ অনুযায়ী পাটগাঁও অঞ্চলৰ মুকেশ ৰায় নামৰ এজন লোকৰ ঘৰৰ পৰা এটা নাইন এমএম পিষ্টল উদ্ধাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। পায়খানাৰ টেংকী কাষত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় উক্ত পিষ্টলটো।